লৰীয়তীiso
| লৰীয়তী (Marsh Sandpiper) | |
|---|---|
| Winter plumage | |
| সংৰক্ষণ স্থিতি | |
সংকটৰপৰা মুক্ত (IUCN 3.1)[1] | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Charadriiformes |
| পৰিয়াল: | Scolopacidae |
| গণ: | Tringa |
| প্ৰজাতি: | T. stagnatilis |
| বৈজ্ঞানিক নাম | |
| Tringa stagnatilis (Bechstein, 1803) | |
লৰীয়তী (ইংৰাজী: Marsh Sandpiper, বৈজ্ঞানিক নাম-Tringa stagnatilis) এটা সৰু আকাৰৰ 'wader' গোটৰ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়৷
সূচী
- 1 বিৱৰণ
- 2 বিতৰণ
- 3 আচৰণ
- 3.1 খাদ্য
- 3.2 প্ৰজনন
- 4 তথ্যসূত্ৰ
- 5 বাহ্যিক সংযোগ
বিৱৰণ[সম্পাদনা কৰক]
লৰীয়তীৰ ঠোঁট দীঘলীয়া আৰু ইয়াৰ ঠেং দুখনো দীঘলীয়া আৰু হালধীয়া বৰণৰ৷ ইয়াৱ দেহৰ দৈৰ্ঘ্য ২২-২৬ ছে: মি: আৰু ওজন প্ৰায় ৪৫-১২০ কি:গ্ৰা৷ হোৱা দেখা যায়৷ প্ৰজনন কালত ইয়াৰ দেহৰ বৰণ মুগা-মটিয়া হৈ পৰে৷ আনহাতে শীত কালত ই শেঁতা বৰণৰ হয়৷[2]
বিতৰণ[সম্পাদনা কৰক]
লৰীয়তী চৰাই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷ ইয়াৰ বেছিভাগেই আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায় ৷ ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে৷
আচৰণ[সম্পাদনা কৰক]
খাদ্য[সম্পাদনা কৰক]
লৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়৷ ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে৷
প্ৰজনন[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ BirdLife International (2012). "Tringa stagnatilis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003018। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ "Marsh Sandpiper". Oiseaux-birds.com. http://www.oiseaux-birds.com/card-marsh-sandpiper.html। আহৰণ কৰা হৈছে: 2011-10-19.
- Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
- Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor 107(3): 514–526. DOI: 10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO;2 HTML abstract
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Marsh Sandpiper videos, photos & sounds on the Internet Bird Collection
- Marsh Sandpiper - Species text in The Atlas of Southern African Birds.
- Avibase
ৱিকিমিডিয়া কমন্সত Tringa stagnatilis সম্পৰ্কীয় মিডিয়া ফাইল।
ৱিকিপ্ৰজাতিত Tringa stagnatilis সম্পৰ্কীয় তথ্য- সাঁচ:Field guide birds of the world